এছাটি জোনাক চটিয়াই দিয়া তুমি!
অহৈতুক বেদনাবোৰে যেতিয়া ৰাউচি জুৰি কান্দে¸
হেঁপাহৰ পলস পেলোৱা তুমি।
ভাৱনাবোৰে অনৰগল তোমাকে চুব খোজে¸
তোমাৰ ৰেঙনিতে উসাহবোৰ ৰিজাই হাঁহে!
দূখৰ চামিয়ানাবোৰ তুমি কেনেকৈ যে ফালি অহা…
মই বুজিবকে নোৱাৰো;
ৰ' লাগি যেন তোমাতেই হেঁৰাই যোৱাৰ মন।
সজীৱতা যেন এতিয়া তোমাৰ হাঁহিতে মাথো।
উসাহৰ পাখি লগা তুমি এটি নিশাৰ সূৰ
ৰিনি ৰিনিকৈ বৈ যোৱা মলয়াৰ নিতোল বুকুত।
অজশ্ৰ মোৰ অসহ্য নিশাৰ তুমিয়েতো
ৰজনী প্ৰহৰী…
এছাটি জোনাক চটিয়াই দিয়া তুমি……
মোৰ অদৃশ্য প্ৰেয়সী……
অহৈতুক বেদনাবোৰে যেতিয়া ৰাউচি জুৰি কান্দে¸
হেঁপাহৰ পলস পেলোৱা তুমি।
ভাৱনাবোৰে অনৰগল তোমাকে চুব খোজে¸
তোমাৰ ৰেঙনিতে উসাহবোৰ ৰিজাই হাঁহে!
দূখৰ চামিয়ানাবোৰ তুমি কেনেকৈ যে ফালি অহা…
মই বুজিবকে নোৱাৰো;
ৰ' লাগি যেন তোমাতেই হেঁৰাই যোৱাৰ মন।
সজীৱতা যেন এতিয়া তোমাৰ হাঁহিতে মাথো।
উসাহৰ পাখি লগা তুমি এটি নিশাৰ সূৰ
ৰিনি ৰিনিকৈ বৈ যোৱা মলয়াৰ নিতোল বুকুত।
অজশ্ৰ মোৰ অসহ্য নিশাৰ তুমিয়েতো
ৰজনী প্ৰহৰী…
এছাটি জোনাক চটিয়াই দিয়া তুমি……
মোৰ অদৃশ্য প্ৰেয়সী……
Ratnakanta Barkataki of modern age
ReplyDeleteThank you dear...
Delete