এয়া খন্তেকৰ জিৰণি ।
আমৰ তলিৰ হেঙুলিয়া ছাঁ
আৰু এছাটি ৰিণি কৈ বলি যোৱা
শৰীৰ পৰশোৱা বা ।
মুকলিকৈ যেন এয়া আকাশ নহয়
হেজাৰ সপোনৰ এখনি দিঠকৰ বাগিচা।
হাবিয়াস জিৰণিয়ে হতাশাই ।
আগলৈ খোজ আকৌ গনো চোন ।
সিচৰিত ঘাহনিত বগলিৰ
কোবাল অথচ আলসুৱা কোব ।
ঘাহনিৰ সিমূৰে ভাটাবোৰৰ
হেপাঁহ পলুৱা গধুৰ ধোঁৱা ।
চৌদিশে নতুন কবিতাৰ
নতুন পৰশ ।
অকৰা বাহনিৰ আগলি ভাজৰও
হেঁপাহ পৰশোৱা টোপ ।
চৌদিশে কেবল ৰসৰ মন্থন ।
আবেলিৰ ৰঙচুৱাত
এটি অনুভৱৰ যাত্ৰাৰ এয়াই
এধানি মাদকতাৰ স্ব ৰূপ ।
আমৰ তলিৰ হেঙুলিয়া ছাঁ
আৰু এছাটি ৰিণি কৈ বলি যোৱা
শৰীৰ পৰশোৱা বা ।
মুকলিকৈ যেন এয়া আকাশ নহয়
হেজাৰ সপোনৰ এখনি দিঠকৰ বাগিচা।
হাবিয়াস জিৰণিয়ে হতাশাই ।
আগলৈ খোজ আকৌ গনো চোন ।
সিচৰিত ঘাহনিত বগলিৰ
কোবাল অথচ আলসুৱা কোব ।
ঘাহনিৰ সিমূৰে ভাটাবোৰৰ
হেপাঁহ পলুৱা গধুৰ ধোঁৱা ।
চৌদিশে নতুন কবিতাৰ
নতুন পৰশ ।
অকৰা বাহনিৰ আগলি ভাজৰও
হেঁপাহ পৰশোৱা টোপ ।
চৌদিশে কেবল ৰসৰ মন্থন ।
আবেলিৰ ৰঙচুৱাত
এটি অনুভৱৰ যাত্ৰাৰ এয়াই
এধানি মাদকতাৰ স্ব ৰূপ ।
Comments
Post a Comment