মাথোঁ এৰাতিৰ সন্ধান নহয় ।
প্ৰতিটো নিশা প্ৰহৰৰ
এয়া মোৰ নিত্য নৈমিত্য ।
নাজানোঁ কোন নিহাৰিকাত
জোনাকে তাইক লুকুৱাই ৰাখিছে ।
জোনাকৰ অনুচৰ জোনাকী বোৰে ,
মোলৈ চাই ঠাট্টাৰ কিৰিলি পাৰে ।
"হেৰা প্ৰেমিক ! উভতি যোৱা ।
নোহোৱা তুমি তাইৰ যোগ্যৰ ,
কোনোবা হাতিপতীৰ কামদেৱ,
তাইলৈ ৰৈ আছে । "
ভাৱেৰেও ঢুকি নাপাওঁ
এনেবোৰ কথা ।
চকুৰ অস্থিৰতা আৰু
উশাহৰ ভাগৰে যেন
মোক থমকাই তুলিছে ।
দাতিৰ শিল এচটাত জিৰাই ভাৱিলো
" যাম জানো কেতিয়াবা উভতি ,
পাৰিম নে মই ?
থমকিব জানো এই সন্ধান। "
আজিও হৃদয়ে ভেঙুচালিখন কৰে ।
"সাতোতা বছৰ বাগৰিল ।
তই মোক আনি দিব নোৱৰিলি । "
এয়া হৃদয়ৰ বাক্য । "
হয়টো পাৰিও নোৱাৰিলো ।
মই নিৰ্বাক ।
প্ৰতিটো নিশা প্ৰহৰৰ
এয়া মোৰ নিত্য নৈমিত্য ।
নাজানোঁ কোন নিহাৰিকাত
জোনাকে তাইক লুকুৱাই ৰাখিছে ।
জোনাকৰ অনুচৰ জোনাকী বোৰে ,
মোলৈ চাই ঠাট্টাৰ কিৰিলি পাৰে ।
"হেৰা প্ৰেমিক ! উভতি যোৱা ।
নোহোৱা তুমি তাইৰ যোগ্যৰ ,
কোনোবা হাতিপতীৰ কামদেৱ,
তাইলৈ ৰৈ আছে । "
ভাৱেৰেও ঢুকি নাপাওঁ
এনেবোৰ কথা ।
চকুৰ অস্থিৰতা আৰু
উশাহৰ ভাগৰে যেন
মোক থমকাই তুলিছে ।
দাতিৰ শিল এচটাত জিৰাই ভাৱিলো
" যাম জানো কেতিয়াবা উভতি ,
পাৰিম নে মই ?
থমকিব জানো এই সন্ধান। "
আজিও হৃদয়ে ভেঙুচালিখন কৰে ।
"সাতোতা বছৰ বাগৰিল ।
তই মোক আনি দিব নোৱৰিলি । "
এয়া হৃদয়ৰ বাক্য । "
হয়টো পাৰিও নোৱাৰিলো ।
মই নিৰ্বাক ।
Comments
Post a Comment