Skip to main content

muhurtto aru kisu vakha (1)

ৰাতিবোৰে তেঁওৰ ভাৱনাৰ মোহনালৈ মোক অজানিতে উটুৱাই নিয়ে। সেই ঢলে সহজে আত্মাক অসহায় কৰি পেলায়। অতীত মিহলি হাঁহি এটিৰে মাথো নিৰৱ হৈ ৰঁও। ....নিৰৱতা। মোৰ ভূলৰ যেন এক সহজ উজুহাত ,নিৰৱতা। তেঁওৰ অভাৱত মৌনতাই যেতিয়া ৰাউচি জুৰি কান্দে, সান্তনা দিয়াৰ সাহ মোৰ নাথাকে।
 সমাহিত হাঁহিটিয়ে  হেপাঁহৰ আমঠু বিচাৰি ৰ' লাগি চাইছিল।
 ‎মই যেন ভাৱনাৰ সুৰাপান কৰিছিলো। স্বাৰ্থপৰতা আৰু অহংকাৰত। কিন্তু এতিয়া! সহিবলৈ তেঁও নাই। দুটি ওঁঠৰ মিচিকনিয়ে ঘনে ঘনে আঘাত হানে । মোক কটাক্ষ কৰে । (মই হেনো মুদৈ প্ৰেমিক)

Comments