কেচা গধুলিৰ জোনাকৰ নিমাও-মাও নিৰিবিলিত ,এটি স্তব্ধ মুহূৰ্তৰ কিছু শিহৰিত অনুভূতি চৌদিশে সিচৰিত হয়। ভাষাবোৰ যেন ভাৱৰ অনুচৰ। সেই অনুভূতিগাল কিছু মৰম, কিছু লাজ, অলপ হাঁহি আৰু অভিমানৰ মিশ্ৰণ। হয়টো খুলি কব নোৱাৰিম, কিন্তু এমুঠি অনুভৱৰ অনুমান নিশ্চয় জাচিব পাৰিম। আঘোণৰ বহল পথাৰৰ পচোৱা জাকত অজানিতে মোৰ সকলো মিলি গল। দোমোজাত মই অৱশ হৈ পৰিছো। হাঁহিবোৰও এতিয়া উচুপি উঠে! দূখত থকাটোও যেন মোৰ বাবে এটা নিচা হৈ পৰিছে ।
অপেক্ষা, দোমোজাৰ গভীৰতা, অসফলতা আৰু আধৰুৱা স্মৃতি । এয়াই ভালপোৱা। অনুভূতিৰ লগত কঢ়া দুখোজেই সকলো।
অপেক্ষা, দোমোজাৰ গভীৰতা, অসফলতা আৰু আধৰুৱা স্মৃতি । এয়াই ভালপোৱা। অনুভূতিৰ লগত কঢ়া দুখোজেই সকলো।
Comments
Post a Comment