কাহিলী পূৱাৰ ৰঙা সূৰুযক কেতিয়াবা জুমি চাইছা জানো! কাকিনী তামোলৰ নিয়ৰৰ প্ৰলেপ পৰা পাতৰ ওপৰেদি চাবা। কিছু পৰলৈ সূন্যতাই বুকু হেচুকি ধৰিব। ওলাই আহিবা তুমি মুকলি আকাশৰ তললৈ। ৰিণিকৈ বলা বতাহ এজাকে অজানিতে চুই যাব। চুই যাব তোমাৰ পলাশী কোমল উষ্মা গাল । তোমাৰ আৱেগে গোপনে সমৰ্পন কৰিব তোমাৰ অলস শৰীৰ। কষ্ট আৰু নিৰ্জনতাই তোমাক ঢুকি নাপাব। বৈ যাবা তুমি সেই দিশহাৰা বতাহৰ সোটত।
হাওলি পৰা সেই শেৱালীজোপাৰ তললৈ যাবাচোন! নিয়ৰৰ স্ফটিকী ৰহন সনা পাহিবোৰ, তোমাৰ দেহৰ ভাজৰ পৰসত মতলীয়া হোৱা বতাহজাকৰ কোৱত দূৱৰিৰ বুকুত ঠমকি জিৰাৱ। পাহিবোৰ সূৰুজৰ আভাত জিলিকিব। তুমি বুজিবা সেয়া অশ্ৰু নহয়। সৌন্দৰ্য্যতাৰ সেই উত্তাল যৌৱন , নিয়ৰে মাথো সাম কতাইছে।

Comments
Post a Comment