Skip to main content

Posts

Showing posts from October, 2018

Muhurtto aru kisu vakha(5)

Moi just lucky feel koru...okoman khomoi or babe holeu, moi teurei hoi asilu..teu muk khomoi disil. hepah poluai  muk mone mone saisil. Khei bikhekh muhurto buror khuoroni a mon tu jipal kori tule... Aji teu nai jodiu moi dukh onuvob nokoru..teur onuvob or khannidhoi asil tene prithok...jiye teur onupsthititu teurei hoi thokar hepah guji d jai.. Khomoi or dholot teu hoitu mur pora vale khini a atori gol...aru moi. moi puroni khei dinburote thomoki rolu. teur hahi..aru modhur madokota bur jukiyai sau.protitu hahire utkho hoboloi moi kimn j jotno korisilu...teu hoitu uman a pua nasil.

muhurtto aru kisu vakha(4)

কেচা গধুলিৰ জোনাকৰ নিমাও-মাও নিৰিবিলিত ,এটি স্তব্ধ মুহূৰ্তৰ কিছু শিহৰিত অনুভূতি  চৌদিশে সিচৰিত হয়। ভাষাবোৰ যেন ভাৱৰ অনুচৰ। সেই অনুভূতিগাল কিছু মৰম, কিছু লাজ, অলপ হাঁহি আৰু অভিমানৰ মিশ্ৰণ। হয়টো খুলি কব নোৱাৰিম, কিন্তু এমুঠি অনুভৱৰ অনুমান নিশ্চয় জাচিব পাৰিম। আঘোণৰ  বহল পথাৰৰ পচোৱা জাকত অজানিতে মোৰ সকলো মিলি গল।  দোমোজাত মই অৱশ হৈ পৰিছো। হাঁহিবোৰও এতিয়া  উচুপি উঠে!  দূখত থকাটোও যেন মোৰ বাবে এটা নিচা হৈ পৰিছে । অপেক্ষা, দোমোজাৰ গভীৰতা, অসফলতা আৰু আধৰুৱা স্মৃতি । এয়াই  ভালপোৱা। অনুভূতিৰ লগত কঢ়া দুখোজেই সকলো।

উশাহ- ভাৱনা

মাথোঁ এৰাতিৰ সন্ধান নহয় ।     প্ৰতিটো নিশা প্ৰহৰৰ       এয়া মোৰ নিত্য নৈমিত্য  ।        নাজানোঁ কোন নিহাৰিকাত       জোনাকে তাইক লুকুৱাই ৰাখিছে ।       জোনাকৰ অনুচৰ জোনাকী বোৰে ,       মোলৈ চাই ঠাট্টাৰ কিৰিলি পাৰে ।      "হেৰা প্ৰেমিক ! উভতি যোৱা ।       নোহোৱা তুমি তাইৰ যোগ্যৰ ,        কোনোবা হাতিপতীৰ কামদেৱ,           তাইলৈ ৰৈ আছে । "         ভাৱেৰেও ঢুকি নাপাওঁ                  এনেবোৰ কথা ।           চকুৰ অস্থিৰতা আৰু             উশাহৰ ভাগৰে যেন          মোক থমকাই তুলিছে ।     দাতিৰ শিল এচটাত জিৰাই ভাৱিলো     " যাম জানো কেতিয়াবা উভতি ,                      পাৰিম নে মই ?   ...

Muhurtto aru kisu vakha(3)

মহানুভৱতা। সকলোৰে হৃদয়ত যেন অতিকৈ বিৰল। এই শব্দটি। অসহ্য কিছুমান ভাৱনাৰ পলকত নিতাল মৰা উশৃংখলতাই যেতিয়া পৰিৱেশটো গোমা কৰি পেলায় ; আতুৰ কষ্টবোৰক তেতিয়া প্ৰয়োজন হয় সঁহাৰিৰ। তেনে সময়তে অজশ্ৰ ভাৱনাই ঢৌ খেলি থাকে। দোমোজাত পৰাটো তেনে সময়ত স্বভাৱিক হৈ পৰে। বিশ্বাস,সহায়,সান্তনা……এইবোৰ এনে কিছু শব্দ, শোকাকুল হৃদয়ে প্ৰায়ে যাৰ অনুভূতি বিচাৰি ফূৰে। পৰিস্থিতি হয়তো কিছু পৃথক হৈ পৰিব পাৰে। মহানুভৱতাৰ পৰসত। দূখৰ চেলনীয়ে ভেজি পেলোৱা হাঁহিবোৰৰ  সজীৱতা জানোচা বিৰিঙিয়ে উঠে!

muhurtto aru kisu vakha (2)

কাহিলী পূৱাৰ ৰঙা সূৰুযক কেতিয়াবা জুমি  চাইছা জানো! কাকিনী তামোলৰ নিয়ৰৰ প্ৰলেপ পৰা পাতৰ ওপৰেদি চাবা। কিছু পৰলৈ সূন্যতাই বুকু হেচুকি ধৰিব। ওলাই আহিবা তুমি মুকলি আকাশৰ তললৈ। ৰিণিকৈ বলা বতাহ এজাকে অজানিতে চুই যাব। চুই যাব তোমাৰ পলাশী কোমল উষ্মা গাল । তোমাৰ আৱেগে গোপনে সমৰ্পন  কৰিব তোমাৰ অলস শৰীৰ। কষ্ট আৰু নিৰ্জনতাই তোমাক ঢুকি নাপাব। বৈ যাবা তুমি সেই দিশহাৰা বতাহৰ সোটত। হাওলি পৰা সেই শেৱালীজোপাৰ তললৈ যাবাচোন! নিয়ৰৰ স্ফটিকী ৰহন সনা পাহিবোৰ, তোমাৰ দেহৰ ভাজৰ পৰসত মতলীয়া হোৱা বতাহজাকৰ কোৱত দূৱৰিৰ বুকুত ঠমকি জিৰাৱ। পাহিবোৰ সূৰুজৰ আভাত জিলিকিব। তুমি বুজিবা সেয়া অশ্ৰু নহয়। সৌন্দৰ্য্যতাৰ সেই উত্তাল যৌৱন , নিয়ৰে মাথো সাম কতাইছে। 

muhurtto aru kisu vakha (1)

ৰাতিবোৰে তেঁওৰ ভাৱনাৰ মোহনালৈ মোক অজানিতে উটুৱাই নিয়ে। সেই ঢলে সহজে আত্মাক অসহায় কৰি পেলায়। অতীত মিহলি হাঁহি এটিৰে মাথো নিৰৱ হৈ ৰঁও। ....নিৰৱতা। মোৰ ভূলৰ যেন এক সহজ উজুহাত ,নিৰৱতা। তেঁওৰ অভাৱত মৌনতাই যেতিয়া ৰাউচি জুৰি কান্দে, সান্তনা দিয়াৰ সাহ মোৰ নাথাকে।  সমাহিত হাঁহিটিয়ে  হেপাঁহৰ আমঠু বিচাৰি ৰ' লাগি চাইছিল।  ‎মই যেন ভাৱনাৰ সুৰাপান কৰিছিলো। স্বাৰ্থপৰতা আৰু অহংকাৰত। কিন্তু এতিয়া! সহিবলৈ তেঁও নাই। দুটি ওঁঠৰ মিচিকনিয়ে ঘনে ঘনে আঘাত হানে । মোক কটাক্ষ কৰে । (মই হেনো মুদৈ প্ৰেমিক)

Faults..

Singing low, gazing over the old days I will be right here ,waiting for you. Hey! Its ok to be hurt for you. It really feels nothing . leering rays of ur smile Eases troubles off. Beyond any illusion about ur being My soul is confessing its childish stupidity. Will you cease loathing its fault.... Singing low, gazing over the old days, I will be right here,waiting for you.

অনুভুতিৰ ডেউকা

এয়া খন্তেকৰ জিৰণি । আমৰ তলিৰ হেঙুলিয়া ছাঁ আৰু এছাটি ৰিণি কৈ বলি যোৱা শৰীৰ পৰশোৱা বা । মুকলিকৈ যেন এয়া আকাশ নহয় হেজাৰ সপোনৰ এখনি দিঠকৰ বাগিচা। হাবিয়াস জিৰণিয়ে হতাশাই । আগলৈ খোজ আকৌ গনো চোন । সিচৰিত ঘাহনিত বগলিৰ কোবাল অথচ আলসুৱা কোব । ঘাহনিৰ সিমূৰে ভাটাবোৰৰ হেপাঁহ পলুৱা গধুৰ ধোঁৱা । চৌদিশে নতুন কবিতাৰ নতুন পৰশ । অকৰা বাহনিৰ আগলি ভাজৰও হেঁপাহ পৰশোৱা টোপ । চৌদিশে কেবল ৰসৰ মন্থন । আবেলিৰ ৰঙচুৱাত এটি অনুভৱৰ যাত্ৰাৰ এয়াই এধানি মাদকতাৰ স্ব ৰূপ ।

Immensity of nothingness

I am not secured here without you. All of mine are belonged to you. My dreams are still alive dying for your warmth breath. You are no more now in me and i will not cry for that. coz you are there in my every single breath. your memories are still healing me and my wounds that you caused. your love is not for me now, but your thoughts are still with me. And the cause of those every single smile with out you, Will make you feel the moisture of my eyes.

অদৃশ্য প্ৰেয়সী

এছাটি জোনাক চটিয়াই দিয়া তুমি! অহৈতুক বেদনাবোৰে যেতিয়া ৰাউচি জুৰি কান্দে¸ হেঁপাহৰ পলস পেলোৱা তুমি। ভাৱনাবোৰে অনৰগল তোমাকে চুব খোজে¸ তোমাৰ ৰেঙনিতে উসাহবোৰ ৰিজাই হাঁহে! দূখৰ চামিয়ানাবোৰ তুমি কেনেকৈ যে ফালি অহা… মই বুজিবকে নোৱাৰো; ৰ' লাগি যেন তোমাতেই হেঁৰাই যোৱাৰ মন। সজীৱতা যেন এতিয়া তোমাৰ হাঁহিতে মাথো। উসাহৰ পাখি লগা তুমি এটি নিশাৰ সূৰ ৰিনি ৰিনিকৈ বৈ যোৱা মলয়াৰ নিতোল বুকুত। অজশ্ৰ মোৰ অসহ্য নিশাৰ তুমিয়েতো  ‎ৰজনী প্ৰহৰী…  ‎এছাটি জোনাক চটিয়াই দিয়া তুমি……  ‎মোৰ অদৃশ্য প্ৰেয়সী……

Unexpressed Agony

He lost everything. I know he tried. But couldn't hold her soul. Oh lord . He is moaning , Yelling her name............ Calmly. The frostiness of her heart Easily can be seen from that far. Once he was holding her hand, Fire was the viewer and His heart was welcoming her soul. Oh lord. He is holding her hand again. But his heart! Beatless. His heart is seeking for a beam of her lips. It didn't get a chance to say goodbye. Fire is the viewer. Oh lord ! Is that the end of the line Of your rudity?

Melancholy Mist

That was a misty morning. Some people were crying Slapping the earth before me. I was nervous . was that moment, Really true? they were wearing white . I couldn't hear clearly What they were saying Shaking my soul. I just remained still. I feel, the whole earth was moving around me. "Oh God! Please help me". the only sentence that my heart was murmuring . Some of them took me to a covered physique I looked into the motionless eyes. they were in a deep slumber. Perhaps i was saying "What the hell you all are doing here. look. my mom is sleeping ." but nobody heard In the roar of silence. i didn't know why they departed her from me and keep on a pyre. before i could realise something one of the heartless ones Handed over me a fired wood and asked me to put on the heap. Then that was my turn to cry. I was looking at the innocently sleeping face and the crude one. i was helpless. How could i do that. I was trying to say that m...